নগা সকলৰ পদ্ধতিৰ গাহৰি মাংস

নগা সকলে তৈয়াৰ কৰা গাহৰি মাংসৰ সোৱাদ বৰ সুন্দৰ হয়। আজি আপোনালোকক নগা সকলে বনোৱা ধৰণে গাগৰি মাংস বনোৱাৰ কৌশলটি কম।
প্রথমতে ইযাত প্ৰয়োজন হোৱা সামগ্রী খিনি হৈছে- এটা বাহৰ গাজ, গাহৰি মাংস(অলপ তেল), পিয়াজ, আদা, নহৰো, কেচা জলকীয়া(সোৱাদ অনুসৰি), শোকান জলকীয়া।

মাংসখিনি ভালদৰে ধুই লৱ। তাৰ পাছত বাহৰ গাজটো যিমান পাৰি মিহিকৈ কাতি লৱ। আদা, নহৰো আৰু কেচা জলকীয়া খিনিৰ মিহিকৈ পিচি লৱ। পিয়াজ কেইতাউ মিহিকৈ কাতি লৱ।  শুকান জলকীয়া কেইতা ভালদৰে খুন্দি লৱ। মন কৰিব যে শুকান জলকীয়া কেইতা খুন্দুতে যাতে একেবাৰে গোৰি কৰি নেপেলাব। জলকীয়া কেইতা অলপ গোটা গোটিকৈ (chilli flakes) ৰাখিব।

কেৰাহিটো ভালদৰে গৰম কৰি লৈ তাত গাহৰি মাংস খিনি দি দিব। মৱত ৰাখিব যে  ইয়াত আমি তেল ব্যবহাৰ নকৰো। মাংস খিনি তেতিয়ালৈ ভাজি থিকিব যেতিয়ালৈ মাংসখিনিয়ে তেল নেৰে। মাংস খিনিয়ে তেল এৰাৰ সময়তে তাত কাটি থোৱা পিয়াজ খিনি তাত দি দিৱ। পিয়াজ খিনি অলপ কোমল হোৱালৈকে অলপ ভাজি থাকিৱ। পিয়াজ খিনি দিওতে তাতে খোৱাদ অনুসৰি অলপ নিমখ দি দিৱ। নিমখ খিনিয়ে পিয়াজ খিনিয়ে পিয়াজ খিনি সোনকালে সিজাব। পিয়াজ খিনি সিজাৰ লগতে মাংখ খিনিত শুকান জলকীয়াৰ গোৰা(chilli flakes) আৰু পিচি থোৱা আদা, নহৰো আৰু কেচা জলকীয়া খিনি দি দিব। মছলা খিনি অলপ ভাজি লোৱাৰ পাছত তাত কাটি থোৱা বাহৰ গাজখিনি দি দিব। যদিহে আপোনালোকে শুকানকৈ ৰাখিব বিছাৰে তেনেহলে তাত পানি নিদিয়াকৈ ভাজি থাকিব আৰু যদিহে গ্রেভি কৰিব বিচাৰে তেনেহলে অলপ পানি দি দিব। অলপ সময় ভাজি থকাৰ পাছত যেতিয়া সকলো খিনি ভালকৈ সিজিব তেতিয়া মাংস খিনি নমাই থৱ। আৰু তৈয়াৰ হৈ গল নগা সকলৰ পদ্ধতিৰে তৈয়াৰ কৰা গাহৰি মাংস।


Comments

Popular posts from this blog

বাহৰ চুঙাত দিয়া গাহৰি মাংস

মুৱা মাছৰ পিটিকা