মুৱা মাছৰ পিটিকা

আজিৰ এই লিখনিত আপোনালোকক কবলৈ লৈছো যে মুৱা মাছ পানীত সীজাই কেনেকৈ পিতিকা কৰি খাব।
পিতিকাখন বনাবৰ বাবে আমাক প্ৰয়োজন হোৱা সামগ্রী সমূহ হৈছে- মুৱা মাছ (অন্য সৰু মাছ), কেইফুটামান নহৰো, কেচা ধনীয়া এমুঠি আৰু কেচা জলকীয়া কেইতামান। জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে।

সকলো খিনি বস্তু ভালদৰে ধুই লৱ। কেৰাহি বা সৰু চচপেন এটাত গোটেইখিনি সামগ্রী দি তাত এগিলাছ বা আধা গিলাছ পানী ধালি দিব। ইয়াৰ লগতে সোৱাদ অনুসৰি নিমস অলপো দিব। সকলো খিনি দিয়াৰ পাছত কেৰাহি বা চচপেনটো গেছ অথবা জুইত বহাই দি ধাকন এখন মাৰি সিজিবলৈ দিব। মাজে মাজে মন কৰি থাকিব যে বস্তুুখিনি সিজিছেনে নাই। সিজাৰ পাছত যদি পানীখিনি ৰখি যাই পানিসিনি তুকি দিব।

বাচন এটাত মাছখিনি নমাই থৈ তাত পিয়াজ আৰু আদা সৰু সৰু কৈ কুটি লৱ। হাতেৰে পিটিকি ভালকৈ পিতিকা বনাই লৱ। তৈয়াৰ হৈ গল আপোনাৰ মুৱা মাছৰ পিটিকা। গৰম ভাতৰ লগত এই পিতিকাৰ সোৱাদেই বেলেগ।


আশা কৰো পহি ভাল পালে। লাইক আৰু চেয়াৰ কৰি দিব।

Comments

Popular posts from this blog

বাহৰ চুঙাত দিয়া গাহৰি মাংস

নগা সকলৰ পদ্ধতিৰ গাহৰি মাংস