বাহৰ চুঙাত দিয়া গাহৰি মাংস
প্রয়োজনীয় সামগ্রী - গাহৰি মাংস, আদা, নহৰো, পিয়াজ, কেচা জলকীয়া, নিমখ, হালধী আৰু কেচা বাহৰ চুঙা। মাংসখিনি ভালদৰে ধুই ল'ব। আদা, নহৰো, পিয়াজ আৰু কেচা জলকীয়া খিনি paste বনাই ল'ব। পিচি থোৱা মচলা খিনি মাংখ খিনিৰ লগত ভালদৰে খানি লব। তাতে নিমখ খোৱাদ অনুসৰি আৰু হালধি খানি লৱ। বাহৰ চুঙা কেইতা ভালদৰে ধুই লৱ। খানি থোৱা মাংখ খিনি চুঙাত ভৰাই দিৱ। চুঙাটোৰ মুখ খন অলপ ঠাই ৰাখিব। মাংখ খিনি ভৰোৱাৰ পাছত চুঙাটোৰ মুখখন খেৰেৰে অথবা কলপাতেৰে খুপা মাৰি দিৱ। জুইকুৰা ভালকৈ জলাই লৱ। চুঙা কিটাৰ মূৰটো ওখ বস্তুত ৰাখিৱ যাতে চুঙাটোৰ গাটোত জুই তাপ পাই। যেতিয়া চুঙাটোৰ গাটো অলপ পুৰা যাৱ তেতিয়া এবাৰ মুখখন খুলি চাব। তেনেকৈ চাই থাকি যেতিয়া মাংস সিজিব তেতিয়া চুঙা কেইতা জুইৰ পৰা নমাই দিৱ। তৈয়াৰ হৈ গল আপোনাৰ চুঙাত দিযা গাহৰি মাংস।
Comments